নষ্টালজিয়াত একলম // অদিতী তাঁতী
নষ্টালজিয়াৰ এখিলা পাতত
আজিও সংগোপনে সাঁচি থৈছোঁ
এপাহী পঞ্চমুখী ৰক্তজবা
মোৰ হৃদয়ৰ স্পন্দনেৰে
ৰক্তসীৰাৰ প্ৰতিটো সীৰে সীৰে
আজিও বৈ আছে
মোৰ হৃদয়,,,,,
মনত বহুতো হেপাঁহ ও আশা
জীৱনৰ বাগিচাত ফুলি থাকিবলৈ
এপাহী পঞ্চমুখী ৰক্তজবা দৰে।
কিন্তু নাজানো; কিয় এনে লাগে
মোৰ হৃদয়ৰ স্পন্দনেৰে
দুনয়ন ভৰি পৰে চকুলোৰে
সুপ্ৰভাতৰ নিয়ৰৰ টোপালত
সূৰ্যৰ ৰশ্মিৰ পোহৰত
জিলিকি থকা দুবৰি বনবোৰৰ দৰে
জীৱনৰ বাগিচাত ষ্ফুটিত
হ'ব বিচাৰোঁ
এপাহী পঞ্চমুখী ৰক্তজবা দৰে,,,,,,।।
লেখিকা অদিতী তাঁতী
0 মন্তব্যসমূহ