সানমিহলি // অদিতী তাঁতী


সানমিহলি

ভাল পাইছিলো তোমাক
তোমাৰ সৌন্দৰ্য্যক দেখি নহয়
ভাল পাইছিলো তোমাক
তোমাৰ অট্টালিকা দেখি নহয়
ভাল পাইছিলো তোমাক
 তোমাৰ K T M বাইক দেখি নহয়
ভাল পাইছিলো তোমাক
তোমাৰ সৰলতাক দেখি আনৰ দুখ সহিব‌ নোৱাৰা কি দিন কি ৰাতি চিন নাই তোমাৰ
কিন্তু তোমাৰ বাবে কোনো নাই এতিয়া
তুমি অকলশৰে নীৰৱতাৰ সৈতে কিহৰ মিতিৰালি পাতিছা! 
স্বাৰ্থপৰ এই পৃথিৱী 
স্বাৰ্থপৰ এই মানৱ জীৱন
ভাল পাবলৈ সকলোৱে জানে চিনাকি কৰাই দিয়ে চকুৰ পানীৰ  সৈতে দিন কটাবলৈও অভ্যাস কৰে 
মানুহ বোৰ দুদিনৰ বাবে ৰঙচুৱা আলয়ত  নাচি ভাগি ফুৰে 
সময় বোৰ তেনেকৈ উৰা মাৰে
পাখি লগা কাড়ৰ দৰে গতি কৰে সময় বোৰ 
তোমাৰ অভীমান বোৰ এতিয়াও সেই আগৰ দৰেই আছেনে?
স্বাৰ্থপৰ ভালপোৱাক লগত ৰাখিবা কাৰণ সকলোৱেই স্বাৰ্থপৰ হৈ পৰিছে ।
তথাপিও এবাৰ কও মই সেই আগৰ দৰেই আছোঁ আজলী হৈ  জঢলিৰ দৰে ।।

অনুভৱ‌ হে মাথোঁ 😍😍😍



একটি মন্তব্য পোস্ট করুন

0 মন্তব্যসমূহ